মৰিগাঁৱত কা’ৰ বিৰুদ্ধে আছুৰ ৰণশিঙা

 01/10/2020 - 13:39

মৰিগাঁওঃ সাম্প্ৰতিক সময়ত ৰাজ্যৰ লগতে দেশৰ ভিন্ন প্ৰান্তত শাসনাধীস্থ কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰৰ দমনমূলক তথা কূটনৈতিক কা’ বিৰোধী আন্দোলন চলি থকাৰ সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে মৰিগাঁৱতো জিলা ছাত্ৰ সন্থাই আয়োজন কৰে এক ৰণশিঙা কাৰ্য্যসূচী য'ত প্ৰতিবাদী ৰাইজ তথা সংগঠনটোৱে থলুৱা বাদ্য যন্ত্ৰৰে প্ৰতিবাদ সাব্যস্ত কৰি পুনৰবাৰ চৰকাৰ দুখনক সকিয়াই দিয়ে এই আইন কোনো পৰিপ্ৰেক্ষিতত মানি লোৱা নহ'ব। এই প্ৰতিবাদৰ যোগেদি মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি হিমাংশু মহন্তই চৰকাৰৰ এইটোও সকিয়াই দিয়ে যে অহিংস আৰু গণতান্ত্রিক আন্দোলনৰ আন্দোনকাৰীক তেঁওলোকে যেন বাধা দিবলৈ চেষ্টা নকৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।