ধেমাজি আম্বেদকাৰ ভৱনত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সভা

 01/11/2020 - 14:05

গোগামুখঃ সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সভাখন ধেমাজিস্থিত বি আৰ আম্বেদকাৰ ভৱনত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। দিনৰ ১২ বজাৰ পৰা অনুস্থিত হোৱা সভাত সভাপতিত্ব কৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডা' হৰিকান্ত দাসে।

ধেমাজি জিলা সমিতিৰ নৱনিৰ্বাচিত সভাপতি পৰমা দাসে আঁতধৰা আৰু ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অন্তৰ্গত কেইবাখনো আঞ্চলিকে অংশগ্ৰহণ কৰা সভাখনত ধেমাজি জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দ্বয় ডা° সুনিত দাস আৰু কৃষ্ণ দাসে মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি অসমৰ অনুসূচিত জাতিৰ ভৱিষ্যত সম্পৰ্কে গুৰুত্বপূৰ্ণ পৰ্যালোচনা আগবঢ়ায়। তেওঁলোকে বৰ্তমান চৰকাৰে প্ৰৱৰ্তন কৰা নাগৰিকত্ব সংশোধনী আইনে অনুসূচিত জাতিৰ মেৰুদণ্ড ভাঙিব বুলি বক্তব্য প্ৰদান কৰি এই জাতীধংসী আইনৰ বিৰুদ্ধে কঠোৰ গনসংগ্ৰামৰ পোষকতা কৰে।

সভাত অনুসূচিত জাতি জাতি পৰিষদৰ সভাপতি ভদ্ৰ কান্ত দাস, চিলাপথাৰৰ বিশিষ্ট সমাজ কৰ্মী অশোক দাস, নাৰায়ণ বদ্য, ব্ৰজেন্দ্ৰ দাস আদি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থকা সভাখনিত অনুসূচীত জাতিৰ উন্নয়নৰ হেতু কেইবাটাও গুৰুত্বপূৰ্ন প্ৰস্তাৱ গ্ৰহন কৰাৰ লগতে অনুসূচীত জাতি লোকে সংশোধিত নাগৰিকত্ব আইন বিৰুদ্ধ কৰি আহিছে আৰু কৰি অনাগত দিনত অসমৰ সমাজ জীৱনত ক্ষতি হ'ব পৰা এই আইনৰ বিপক্ষে অধিক তীব্ৰতৰ আৰু অবিৰতভাৱে আন্দোলন চলাই যোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

উক্ত সভাতেই ধেমাজি সদৰৰ পৰমা দাসক সভাপতি, গোগামুখৰ লাচিত দাসক উপ সভাপতি, বৰদলনিৰ মনোৰনজন দাসক সাধাৰণ সম্পাদকলৈ মুঠ১৬ জনীয়া ধেমাজি জিলা সমিতি খন গঠন কৰা হয়। নৱগঠিত সমিতিয়ে বহুধাবিভক্ত হৈ থকা কেন্দ্ৰীয় সমিতিখন একতিকৰণ হোৱাত সন্ত্ৰস্তি প্ৰকাশ কৰে আৰু কেন্দ্ৰীয় নেতৃত্ব যুগল কিশোৰ বনিয়া, পৰমানন্দ দাস, পৰশজ্যোতি দাস আৰু সুসীল সুত্ৰধৰক উষ্ম আদৰণি জনাই। এই একত্ৰি কৰণে অনাগত দিনত অনুসূচিত জাতিৰ শক্তি আৰু অধিক বৃদ্ধি কৰিব বুলি তেওঁ লোকে আশা ব্যক্ত কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।