মানকাচৰ হজিৰহাটত জুৱা খেলৰ ৰমৰমীয়া বেহাঃ নিৰ্লিপ্ত ভূমিকাত আৰক্ষী প্ৰশাসন

 01/11/2020 - 14:51

মানকাচৰঃ ভয়ংকৰ জুৱা আৰু তীৰৰ কবলত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাজিৰহাট বজাৰ৷ চকু মুদা কুলিৰ ভাৱত সুখচৰ আৰক্ষী৷ দিনক দিনে সুখচৰৰ হাজিৰহাটত বৃদ্ধি পাইছে জুৱা খেলৰ প্ৰকোপ৷ জুৱা আৰু তীৰ খেলৰ এতিয়া ৰম্যভূমিত পৰিণত হৈছে হাজিৰহাট বজাৰ৷ দিন দুপৰতেই ৰাজহুৱা স্থানত নিৰ্ভয়ে চলি থাকে জুৱা-তিৰৰৰ ৰমৰমীয়া বেহা৷

ৰাইজৰ অভিযোগ অনুসৰি সুখচৰ আৰক্ষীক মেনেজ কৰি এক অসাধু চক্ৰই বহু দিনৰ পৰা চলাই আহিছে জুৱাৰ এই ৰমৰমীয়া বেহা যাৰ ফলতেই এতিয়া বৃহত্তৰ অঞ্চলটোত বৃদ্ধি পাইছে বিভিন্ন ধৰণৰ অসমাজিক কাৰ্যকলাপৰ লগতে এই বৃহৎ তীৰ আৰু জুৱা চক্ৰই নৱপ্ৰজন্মৰ জীৱনৰ প্ৰতিও কঢ়িয়াই আনিছে চৰম ভাবুকি৷

ইমানৰ পাছতো সুখচৰ আৰক্ষীয়ে কি কাৰণত সকলো দেখিও নেদেখাৰ ভাও জুৰিছে তাক লৈ এতিয়া সচেতন মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৃহত্তৰ হাজিৰহাটবাসী ৰাইজ এতিয়া প্ৰশাসনৰ প্ৰতি এটাই অনুৰোধ, অতি শীঘ্ৰে বন্ধ কৰক জুৱা আৰু তীৰ খেলৰ এই অবৈধ বেহা ৷ পৰবৰ্ত্তী প্ৰতিবেদনত আমি ফাদিল কৰিম ইয়াৰ লগত জৰিত ব্যক্তিৰ নাম ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।