ৰঙিয়াত ফিজিঅ থেৰাপি-সংগীত বিদ্যালয়ৰ আধাৰশিলা স্থাপন

 01/11/2020 - 16:26

ৰঙিয়াঃ ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন চৌহদত শুকুৰবাৰে ফিজিঅ থেৰাপি আৰু সংগীত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতাই। ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ বছৰেকীয়া অনুষ্ঠান উপলক্ষে পুৱাৰ ভাগৰ পৰা বিভিন্ন কাৰ্য্যসূচীৰ লগতে বিশেষকৈ শ্বহীদ তৰ্পন, বন্তি প্ৰজ্বলন আৰু পতাকা উত্তোলন কাৰ্য্যসূচী অনুষ্ঠিত হয়। দিনৰ ১১ বজাত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত প্ৰাক্তন সাংসদ ভূৱনেশ্বৰ কলিতা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীদ্ৰ বৰদলৈৰ লগতে আন কেইবাজনো বিশিষ্ঠ ব্যক্তি উপস্থিত থাকে।

সভাৰ আৰম্ভণিতে প্ৰাক্তন সাংসদ তথা ৰাইজমেল কৃষক শ্বহীদ ভৱনৰ সভাপতি ভূৱনেশ্বৰ কলিতাই ফিজিঅ থেৰাপি আৰু সংগীত বিদ্যালয়ৰ নৱনিৰ্মিত গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা অনুষ্ঠানৰ পিচতে অনুষ্ঠিত হোৱা মুকলি সভাখনত কলিতাই ভাষণত কয় যে ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন পৰিচালনা সমিতিৰ চেষ্টাত কেইবছৰমান আগৰে পৰা আৰম্ভ কৰা ফিজিঅ থেৰাপিৰ। এই ফিজিঅ থেৰাপিৰ দ্বাৰা ৰঙিয়াৰ বহু ৰোগীয়ে সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে।

ৰোগী সকলৰ প্ৰতি ল্যক্ষৰাখি ফিজিঅ থেৰাপিত যিমান পৰিমাণৰ যন্ত্ৰ পাতিৰ প্ৰয়োজন আছে সিমান পৰিমাণৰ কৰিব নোৱাৰাৰ মুল কাৰণটো হৈছে উপযুক্ত গৃহ। আনহাতে ৰাইজমেল কৃষক শ্বহীদ ভৱন পৰিচালনা সমিতিৰ প্ৰচেষ্ঠাত চলি থকা সংগীত বিদ্যালয়খন ভৱনৰ ওপৰ মহলাত আছে যদিও ছাত্ৰ-ছাত্ৰী সকলে সাংঘাটিকধৰনে সমস্যাৰ সন্মুখীন হৈছে। এনে সমস্যাৰ কথা চিন্তা কৰিয়ে ৰাইজমেল কৃষক শ্বহীদ ভৱনে ফিজিঅ থেৰাপি আৰু সংগীত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বিষয়ে চিন্তা কৰি শুকুৰবাৰে আধাৰশিলা কৰা হয় বুলি প্ৰাক্তন সাংসদ গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।