'কা' বিৰোধী আন্দোলন বনাম ভোগালী বিহু

 01/11/2020 - 20:09

ধিংঃ 'কা' বিৰোধী আন্দোলন বনাম ভোগালী বিহু। 'কা' বিৰোধী আন্দোলনত উত্তাল ৰাজ্যৰ লগতে সমগ্র দেশ। জাতিধ্বংসী নাগৰিকত্ব আইনক লৈ শংকিত প্ৰতিজন অসমীয়া। জটিল সন্ধিক্ষণৰ দিশে অসমীয়াৰ ভাষা-সংস্কৃতি। এনে সময়ত নগাঁও জিলাৰ জাজৰিবাসী ৰাইজে গ্ৰহণ কৰিছে ব্যতিক্রমী পদক্ষেপ। লক্ষ্য মাথোঁ এটাই মাতৃ ভূমিৰ পৰা অসুইয়া- অপ্ৰীতি বিনাশ কৰি শান্তি প্রতিষ্ঠা হওঁক। তাৰেই লক্ষ্য আগত ৰাখি জাজৰিবাসীৰ এই প্ৰশংসনীয় পদক্ষেপ। মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণৰ দৃশ্য এইবাৰ।

নাগৰিকত্ব সংশোধনী আইন বিৰোধিতাৰে মহাভাৰতৰ কুৰুক্ষেত্ৰৰ ৰণৰ আৰ্হিৰে অধৰ্মক নাশ কৰি শান্তি প্রতিষ্ঠাৰ বাবেই ৰাইজে নিৰ্মাণ কৰিছে কুৰুক্ষেত্ৰৰ। আধ্যাত্মিক শক্তি লাভৰ বাবে নিৰ্মাণ কৰিছে নামঘৰ আৰু চাঙিঘৰ। যত পাচঁ দিনীয়িকৈ চলিব ভাগৱত পাঠ। জাজৰী শিমলুতশ আঞ্চলিক যুৱবৃন্দৰ উদ্যোগত পূৰ্বৰ পৰম্পৰা অনুসৰি এইবোৰো আন এক ব্যতিক্রমী ৰূপত ভোগালীক আদৰাৰ প্ৰস্তুতি। অতিকৈ চেনেহৰ অতিকৈ আদৰৰ ভোগালী বিহুলৈ মাজত আৰু কিছুদিন বাকী থাকোঁতেই 'কা' বিৰোধী প্ৰতিবাদী ভাষাৰে ভোগালীক আঁদৰাৰ এনে দৃশ্যয়েও গা লৰাব পৰা নাই ফেচীবাদী চৰকাৰখনৰ। যি সময়ত প্ৰতিবাদী ভাষাৰে অসমীয়া ৰাইজে ভোগালীক আদৰিবলৈ বাধ্য হৈছে ঠিক তেনে সময়তে জাতিধ্বংসী নাগৰিকত্ব আইনৰ সপক্ষে মাত মতা ৰজাঘৰীয়া সকলে নিৰ্লজ্জৰ দৰে কণা মোমাই ভাৱত অৱতীর্ণ হৈছে ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।