চিৰাঙৰ বিজনীত বন্যহস্তীৰ আক্ৰমণত যুৱক নিহত

 01/18/2020 - 17:51

বিজনীঃ চিৰাঙ জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী গাঁৱত বন্যহস্তীৰ তাণ্ডৱ। খাদ্যৰ সন্ধানত মানস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকৰ এটা বন্যহস্তীয়ে চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ অঞ্চলৰ ২ নং লক্ষীঝৰাত বৃহস্পতিবাৰে নিশা বশিষ্ঠ নমদাসে লগৰীয়া আৰু তেওঁৰ সৰু ভাতৃৰ লগত বজাৰৰ পৰা ঘৰলৈ গৈ থকা সময়তে বন্যহস্তীয়ে আক্ৰমণ কৰে যুৱকজনক ফলত বন্যহস্তীৰ আক্ৰমণত নিহত হয়। উল্লেখ্য যে যোৱা কিছুদিন ধৰি উক্ত অঞ্চলটোত হাতিৰ তাণ্ডৱ ইমানেই বৃদ্ধি পাইছে নিশাৰ ভাগত উক্ত অঞ্চল বাসীৰ উজাগৰী ৰাতি পাৰ কৰিব লগিয়া হয়।

গাঁও বাসীয়ে চৰকাৰৰ মুখৰ ফালে চাই আছে কেতিয়া এই অঞ্চলটোত চকু দিব চৰকাৰে উল্লেখ্যযে, দীৰ্ঘদিন ধৰি বিষ্ণুপুৰ অঞ্চলত বনৰীয়া হাতীয়ে গাঁৱত প্ৰবেশ কৰি ঘৰ-বাৰীৰ লগতে খেতি বাতি ধ্বংস কৰি আহিছে৷ বন্যহস্তীৰ জাকৰ এনে উপদ্ৰৱৰ ফলত কৃষিজীৱি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ আতংকিত ৰাইজে বন বিভাগ আৰু জিলা প্ৰশাসনক বনৰীয়া হাতীৰ আক্ৰমণ ৰোধৰ বাবে আবেদন-নিবেদন জনোৱাৰ পিছতো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।