মৰিয়নীৰ চেলেংহাটত ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সজাগতা সভা

 01/19/2020 - 13:38

মৰিয়নীঃ গ্ৰামাঞ্চলৰ লোকসকলৰ বাবে এতিয়া  সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে কাঠফুলাৰ দৰে গঢ় লৈ উঠা ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহ। ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে কোনো বিচাৰ নকৰাকৈ জধে-মধে গ্ৰামাঞ্চলৰ একাংশ মহিলাক ঋণ প্ৰদান কৰা ফলত বহু পৰিয়ালে ঋণ পৰিশোধ কৰিব নোৱাৰি ঘৰ মাটি বিক্ৰী কৰা লগতে বহু মহিলাই ঋণৰ বোজা সহিব নোৱাৰি আত্মহত্যা পৰ্যন্ত কৰিবলৈ বাধ্য হৈছে।

ইয়াৰ উপৰি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে ঋণ বিচাৰি গোটৰ মহিলাসকলক হাৰা শাস্তি কৰাৰ ফলত বহু  অঞ্চলত সৃষ্টি হৈছে অপ্ৰীতিকৰ পৰিস্থিতি। এনে সময়তে বেচৰকাৰী ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে মৰিয়নীৰ চেলেংহাট টেঙাবাৰী গাঁৱত মহিলাসকলৰ মাজত এখন সজাগতা সভা অনুষ্ঠিত হয়।

বেচৰকাৰী বিনিয়োগ প্ৰতিষ্ঠান বিৰোধী প্ৰতিৰোধ মঞ্চৰ উদ্যাগত অঞ্চলটোৰ বিভিন্ন আত্মসহায়ক গোটসমূহৰ মহিলাসকলক মাইক্ৰফাইনান্স প্ৰতিষ্ঠান সমূহৰ লুন্ঠনৰ বিৰুদ্ধে সজাগ কৰাৰ লক্ষৰে অনুষ্ঠিত কৰা এই সজাগতা সভাত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ শতাধিক মহিলা উপস্থিত থাকে।                                     

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।