গোসাঁইগাঁৱৰ অন্তৰ্গত বন গাঁৱৰ ৰাইজক প্ৰমীলাৰাণী ব্ৰহ্মই মাটিৰ পট্টা বিতৰণ

 01/19/2020 - 17:17

শ্ৰীৰামপুৰঃ বি টি চিৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত কচুগাঁও বন সংমণ্ডলৰ বন গাঁৱত বসবাস কৰা ন খন বন গাঁৱৰ ৰাইজৰ মাজত ভুমিৰ পট্টা বিতৰণ কৰা হয়। কচুগাঁও বন সংমণ্ডলৰ অধিনস্থ ১নং টাকামপুৰ, গালাইপাৰা, টাকামপুৰ হাব্ৰুবাৰি, ৩ নং টাকামপুৰ, টাকামপুৰ পূৰ্ব, শাস্তিপুৰ, টাকামপুৰ-টুকাম আদি ন খন গাঁৱৰ মুঠ ৪৯৬ গৰাকী ভুমিহীন পৰিয়ালৰ মাজত আজি প্ৰমীলাৰানী ব্ৰহ্মই আনুষ্ঠানিক ভাবে মাটিৰ পট্টা বিতৰণ কৰে।

আজি কচুগাঁও বজাৰ সংলগ্ন কচুগাঁও দূৰ্গা মন্দিৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এক সভাত ভূমিহীন লোকসকলক মাটিৰ পট্টা বিতৰণ কৰা হয়। ভাওৰাগুৰি ৰাজহ চক্ৰ বিষয়া সুজাতা গগৈয়ে আঁতধৰা ভূমি পট্টা বিতৰণ অনুষ্ঠানত ২৯ নম্বৰ পশ্চিম কোকৰাঝাৰ সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰী, ২৮ নং গোসাঁইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য ধনেশ্বৰ গয়াৰী, কোকৰাঝাৰ জিলাৰ উপায়ুক্ত পাৰ্থ মজুমদাৰকে ধৰি বহুতো উচ্চপদস্ত বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।