মঙলদৈত কা’ৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা-৩০ জনগোষ্ঠীয় সংগঠনৰ গণ হুংকাৰ

 01/21/2020 - 16:17

মঙলদৈঃ সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহবানত সদৌ দৰং জিলা ছাত্ৰ সন্থা, অসমৰ শিল্পী সমাজৰ উদ্যোগত আন্তঃ মঙলদৈ ছাত্ৰ সন্থা আৰু দৰংবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব আইন ২০১৯ বাতিলৰ দাবীত মঙলদৈত গন হুংকাৰ কাৰ্যসূচী।

নাগৰিকত্ব সংশোধনী আইন কোনো কাৰণত মানি নলয় ছাত্ৰ সন্থা, শিল্পী সমাজৰ লগতে ৩০ জনগোষ্ঠীয় সংগঠনে। এই গণ আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমূজ্বল কুমাৰ ভট্টচাৰ্যই কয় যেতিয়ালৈকে নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰে তেতিয়ালৈকে এই আন্দোলন গাঁৱে-ভূয়ে, চহৰে-নগৰে তীব্ৰতৰ ৰূপ ধাৰণ কৰি যাব। এই গণ আন্দোলনত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পলাশ চাংমাই, অসমৰ শিল্পী সমাজৰ হৈ বাবু বৰুৱা, নেকিব, অজয় ফুকন আৰু প্ৰায় দুই সহস্ৰাধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।