গৌৰীপুৰৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ এম জি এনৰেগাৰ কামত ব্যাপক দুৰ্নীতি

 01/22/2020 - 18:09

গৌৰীপুৰঃ গৌৰীপুৰৰ বৰাইবাৰী গাঁও পঞ্চায়তৰ বৰাইবাৰী ৩ য় খণ্ড গাঁৱত এম জি এনৰেগাৰ কামত চলিছে বিয়াগোম দুৰ্নীতি। ৩ লাখ ৮,১৫৬ টকাৰ কাম মাত্র ৫০ হাজাৰ টকা কৰি সমাপ্ত কৰিলে বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আঞ্জুমা আহমেদ। যোৱা ২০১৮-১৯ বিত্তীয় বৰ্ষত চৰকাৰে কালি মন্দীৰৰ লেন্ট উন্নয়নৰ বাবে আবন্টন দিয়া MGNREA কামত চলাই আছে দুৰ্নীতি। হায় অসম চৰকাৰ হায় পঞ্চায়ত মন্ত্ৰী নৱ কুমাৰ দলে ৰ বিভাগত চলি আছে দুৰ্নীতি কান শাৰ নাই মন্ত্ৰী ডাঙৰীয়াৰ।

যোৱা পঞ্চায়ত নিৰ্বাচনত তেওঁ কংগ্ৰেছ দলৰ পৰা টিকট লাভ কৰি বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য হিচাপে নিৰ্বাচিত হৈছিল আঞ্জুমা আহমেদ। কিন্ত এতিয়া তেওঁ নামি পৰিছে নেকি MGNREA কামৰ দুৰ্নীতিত। আচলে তেওঁ দুৰ্নীতি কৰাৰ কাৰনে পঞ্চায়ত নিৰ্বাচন খেলিছিল নেকি বৰাইবাৰী গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য আঞ্জুমা আহমেদ। আৰু তেওঁৰ লগত এম জি এনৰেগা দুৰ্নীতি কৰাত জৰিত আছে নেকি বৰাইবাৰী গাঁও পঞ্চায়তৰ সভাপতি আৰু সচিব। এই সন্দৰ্ভত দেবীতোলা উন্নয়ন খণ্ড বিষয়া কিবা পদক্ষেপ লব নে নাই সেয়া হ'ব পৰবৰ্তী সময়ত লক্ষণীয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.