শিৱসাগৰত হিন্দু-মুচলমান একত্ৰিত হৈ সৰ্বানন্দ-হিমন্তৰ সুমতি বিচাৰি চাকি জ্বলালে ঐতিহাসিক শিৱদ'লত

 01/23/2020 - 14:40

শিৱসাগৰঃ "কা" বাতিলৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সুমতি বিছাৰি হিন্দু-মুছলমান মহিলা, পুৰুষ একত্ৰিত হৈ চাকি জ্বলালে ঐতিহাসিক শিৱদ'লত৷ মম জ্বলাই দোৱা কৰিলে সদৰ মছজিদত। নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিত দাসৰ সুমতি বিচাৰি শিৱদ'লত পাঁচ গচি চাকি আৰু মছজিদত পাঁচ দাল মম জ্বলায় ৰাইজে জয় আই অসম ধ্বনি দি "কা" বাতিল নোহোৱা পৰ্যন্ত সংগ্ৰাম চলাই যোৱাৰ হুংকাৰ।

ঐতিহাসিক শিবদ'ল, সদৰ মছজিদত প্ৰাৰ্থনা আৰু দোৱা কৰাৰ পাছত ৰাইজৰ হাতে হাতে ক'লা পতাকা লৈ জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ অভিমুখী প্ৰতিবাদী সমদল। বিজেপি চৰকাৰ হুঁচিয়াৰ, সৰ্বানন্দ সোণোৱাল হুঁচিয়াৰ, হিমন্ত বিশ্ব হাই হাই, "কা" আমি নামানো আদি ধ্বনিৰে উত্তাল কৰে ঐতিহাসিক শিৱসাগৰ চহৰ। উল্লেখ্য যে, শংকৰ-আজানৰ দেশ হিচাপে পৰিচিত শিৱসাগৰৰ হিন্দু-মুছলমান উভয়ে ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধত মন্দিৰ-মছজিদত আঠু লৈ, প্ৰাৰ্থনা কৰি পুনৰবাৰ প্ৰতিষ্ঠা কৰিলে শিৱসাগৰৰ ঐতিহ্য আৰু সম্প্ৰীতিৰ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।