মান্দাকাটা গাঁও পঞ্চায়তৰ উদ্যোগত কৰ’ণা ভাইৰাছ সন্দৰ্ভত সজাগতামূলক পৰামৰ্শ প্ৰদান অনুষ্ঠান

 03/17/2020 - 15:16

উত্তৰ গুৱাহাটীঃ বিশ্বজুৰি ভয়াবহ ৰূপত সংক্ৰমণ ঘটা কৰ’ণাক বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী আখ্যা দিয়াৰ পিছত ইয়াৰ সংক্ৰমণৰপৰা হাত সাৰিবলৈ সমগ্ৰ বিশ্বই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ দেশৰ লগতে অসমতো চৰকাৰী-বেচৰকাৰী বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰি বিশেষভাৱে সতৰ্কতা অৱলম্বন হৈছে। অসমৰ বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ ৰাইজক কৰ'ণাৰ পৰা হাত সাৰিবলৈ ল'বলগীয়া পদক্ষেপ সন্দৰ্ভত দল সংগঠন আৰু চৰকাৰী প্ৰশাসন যন্ত্ৰই সজাগতা আৰু সতৰ্কতা অৱলম্বন কৰিবলৈ বিভিন্ন প্ৰদক্ষেপ হাতত লৈছে।

আজি কামৰূপ জিলা অন্তৰ্গত মান্দাকাটা গাঁও পঞ্চায়তৰ উদ্যোগত গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰাঙ্গণত কৰ'ণা ভাইৰাছ সন্দৰ্ভত এখনি সজাগতামূলক পৰামৰ্শ প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ বাবুল হুছেইনে আঁত ধৰা অনুষ্ঠানটোত মণিকৰ্ণেশ্বৰ মিনি পি এইছ চিৰ চিকিৎসক ডা° পুলিন ডেকাই কৰ'ণা ভাইৰাছ সম্পৰ্কে বিস্তৃতভাৱে বৰ্ণনা কৰি ইয়াৰ সজাগতা সন্দৰ্ভত বিভিন্ন পৰামৰ্শ আগবঢ়ায়৷ অনুষ্ঠানত মান্দাকাটা গাঁও পঞ্চায়তৰ সচিব কস্তুৰী বৰ্মণ,সভাপতি জাহিদুল ইছলাম, স্বাস্থ্যকৰ্মী ইন্তাজুল হক প্ৰমুখ্যে কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।