কৰ’ণা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ ল'বলগা সাৱধানতাৰ ওপৰত ৰহা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপ

 03/18/2020 - 14:03

ৰহাঃ চৌদিশে এতিয়া কৰ’ণাৰ আতংক। এই কৰ’ণা ভাইৰাছৰ পৰা সাৱধানতা ল'বলৈ ৰহা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ প্ৰশংসনীয় পদক্ষেপ। বুধবাৰে ৰহা মহাবিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ৰহাত কৰ’ণা ভাইৰাছৰ সম্পৰ্কত এক সজাগতা ৰেলি উলিয়াই। শিক্ষক-শিক্ষয়িত্ৰীসকলে ৰহাৰ বিভিন্ন স্থানত মাইকযোগে কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে ল'বলগীয়া সাৱধানতাৰ সম্পৰ্কে সজাগ কৰাৰ লগতে প্ৰচাৰ পত্ৰও বিতৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।