আঁচনি ৰূপায়ণৰ নামত লুণ্ঠন শ্বেৰপুৰ গাওঁ পঞ্চায়তত

 03/20/2020 - 14:15

খাৰুপেটীয়াঃ দৰঙৰ পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্বেৰপুৰ গাঁও পঞ্চায়তত চলিছে কেৱল লুণ্ঠনৰাজ। বিভাগীয় কৰ্তৃপক্ষক মেনেজ কৰি আঁচনি ৰূপায়ণৰ নামত ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। মঙলদৈ বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি তথা শ্বেৰপুৰ আঞ্চলিক পঞ্চায়তৰ সদস্যজনে নিজৰ বাহুবলত গাঁও পঞ্চায়তত চলাইছে লুণ্ঠন। পঞ্চায়তখনত সংঘটিত হোৱা দুৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ভাবুকি যুৱ কংগ্ৰেছৰ সভাপতি জনৰ। বিভাগীয় কৰ্তৃপক্ষই শ্বেৰপুৰ গাঁও পঞ্চায়তত পৰ্যাপ্ত পৰিমাণৰ ধন আবণ্টন দিছে যদিও দুৰ্নীতিগ্ৰস্থ আঞ্চলিক পঞ্চায়তৰ সদস্যজনৰ নেতৃত্বত চলিছে এই লুণ্ঠনৰাজ।

গাঁও পঞ্চায়তখনৰ অন্তৰ্গত টি কে পথৰ পৰা ছোবাহান আলীৰ ঘৰলৈ যোৱা পথ, ভকতপাৰা পশু চিকিৎসালয়, ছিলাবান্ধা পথৰ দুয়োকাষে ড্ৰেইন, বটাবাৰী প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা দেৱাল আদি আঁচনিসমূহত অতি নিম্নমানৰ কাম কৰি অধিকাংশ ধন আত্মসাৎ কৰাৰ চেষ্টা চলাইছে। দুৰ্নীতিগ্ৰস্থ সদস্যজনে আঁচনিৰ নামত সংঘটিত কৰা ব্যাপক দুৰ্নীতি ফাদিল হোৱাৰ ভয়ত বাতৰি প্ৰচাৰ কৰিবলৈ যোৱা সাংবাদিকক মোবাইল ফোনযোগে অশালীন বাক্য প্ৰয়োগ কৰি বাতৰি প্ৰচাৰত বাধা প্ৰদান কৰে। যুৱ কংগ্ৰেছৰ সভাপতি তথা আঞ্চলিক পঞ্চায়তৰ সদস্যজনে নিজৰ বাহুবলত চৰকাৰী নিয়ম-নীতিক জলাঞ্জলি দি অধিকাংশ ধন আত্মসাৎ কৰাৰ ফান্দ পাতিছে পঞ্চায়তখনত। সেয়েহে শ্বেৰপুৰ গাওঁ পঞ্চায়তত হোৱা বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তুলিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দৰঙ জিলা সমিতিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।