মৰিয়নীত কৰ'ণা ভাইৰাছৰ ওপৰত সজাগতা সভা

 03/21/2020 - 12:48

মৰিয়নীঃ সমগ্ৰ বিশ্বতে বৰ্তমান কৰ'ণা ভাইৰাছৰ যি আতংকই বিৰাজ কৰিছে তাৰ প্ৰভাৱ অসমতো পৰা দেখা গৈছে। ইয়াক প্ৰতিৰোধ কৰিবলৈ ঠাইয়ে ঠাইয়ে চৰকাৰী-বেচৰকাৰী ভাৱে সজাগতা সভা বা কাৰ্যসূচী পালন কৰা দেখা যায়। মৰিয়নিৰ ৫৮ নং কাটনি বাগিচা গাঁও পঞ্চায়তেও শুকুৰবাৰে এক সজাগতা সভা পালন কৰে। পঞ্চায়তৰ সভাপতি জগতৰাম তাঁতীৰ নেতৃত্বত পালন কৰা এই কাৰ্যসূচীৰ দ্বাৰা বাগিচাৰ শ্ৰমিক সকলৰ মাজত কৰ'না ভাইৰাছ কেনেদৰে প্ৰতিৰোধ কৰিব পাৰি তাৰেই এক আভাষ দাঙি ধৰা দেখা যায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।