বৰপেটাত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহত যুৱকক চিকিৎসালয়ত ভৰ্তি

 03/21/2020 - 13:54

 
বৰপেটাঃ বৰ্তমান বিশ্বত কৰ’ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে। শুকুৰবাৰে বৰপেটাত কৰ’ণা ভাইৰাছৰ আক্ৰান্তৰ সন্দেহত এজন যুৱকক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতালখনৰ আছুতীয়া কক্ষত ৰখা হৈছে যুৱকজনক। চিকিৎসকৰ এটি দলে নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি আছে যুৱকজনৰ স্বাস্থ্য। পঞ্জাৱৰ এখন ডেইৰী ফাৰ্মত কৰ্মৰত যুৱকজন কিছুদিন পূৰ্বে বৰপেটাৰ নিজ গৃহলৈ উভতি আহিছিল। বিগত তিনি দিন ধৰি জ্বৰ-কাহত ভুগি আছিল যুৱকজন। শুকুৰবাৰে সন্ধিয়া যুৱকজনক হাস্পতালত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে যুৱকজনৰ তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছে জি এম চি এইচলৈ।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।