ডুমডুমা শাখাৰ উদ্যোগত কৰ’ণা ভাইৰাছ সম্পৰ্কে সজাগতা অভিযান

 03/23/2020 - 18:15
 
 
ডুমডুমাঃ কৰ’ণা ভাইৰাছৰ প্ৰতি জনসাধাৰণক সজাগ কৰাৰ এক অভিযানত নামি পৰিছে অসম চাহ মজদুৰ সংঘই| বিশেষকৈ চাহ বাগিচা অঞ্চলত চাহ মজদুৰ সংঘই এই সজাগতা অভিযান আৰম্ভ কৰিছে| ডুমডুমা শাখাৰ প্ৰায় 60 খন চাহ বাগিচাৰ শ্ৰমিক লাইনে লাইনে অনুভাষ যন্ত্ৰৰে কৰ'ণা ভাইৰাছৰ সংক্ৰমিত হোৱাৰ পৰা কিদৰে ৰক্ষা পাব পাৰি, কি কি ব্যৱস্থা গ্ৰহণ কৰিলে চাহ বাগিচা অঞ্চলত ভাইৰাছবিধে সংক্ৰমণ হ’ব নোৱাৰিব এই সম্পৰ্কে চাহ শ্ৰমিকক সজাগ কৰা কাৰ্য কৰিছে সংঘই| সংঘৰ দ্বাৰা ভাইৰাছৰ সম্পৰ্কে এখন গোহাৰীপত্ৰও শ্ৰমিক ৰাইজৰ মাজত বিতৰণ কৰি ব্যাপকভাৱে সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হয় ডুমডুমাত| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।