২১ দিনৰ লকডাউনত বিটিআৰত ৫.৫ লাখ পৰিয়ালক বিনামূলীয়া খাদ্য সামগ্ৰী যোগান ধৰা হ’বঃ হাগ্ৰামা মহিলাৰী

 03/25/2020 - 18:13
 
 
নিউজ ডেস্কঃ লকডাউনৰ সময়চোৱাত যাতে বিটিচিৰ ৰাইজে অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি হাগ্ৰামা মহিলাৰীয়ে লৈছে এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দৰিদ্ৰ সীমাৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালক বিটিচি প্ৰশাসনৰ তৰফৰ পৰা বিনামূলীয়াকৈ যোগান ধৰা হ’ব খাদ্য সামগ্ৰী।
বুধবাৰে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে হাগ্ৰামা মহিলাৰীয়ে।
সেই অনুসৰি ঠেলাৱালা, ৰিক্সাৱালা বা হাজিৰা কৰি খোৱা লোকসকলৰ ২১ দিনৰ লকডাউনৰ সময়চোৱাৰ বাবে বিটিচি প্ৰশাসনে দিব ২৫ কিলোকৈ চাউল, ২ কিলো দাইল, নিমখ মিঠাতেল আদি। দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকলে ঘৰে ঘৰে লাভ কৰিব এই খাদ্য সামগ্ৰী। বিটিএডিত মুঠ ৫ লাখ ৫০ হাজাৰ পৰিয়ালক এই খাদ্য সামগ্ৰী যোগান ধৰিব বুলি জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে। য়াৰ উপৰিও ১০ লাখ মাস্ক আৰু ১০ লাখ চেনিটাইজাৰ বিটিএডি অঞ্চলত বিতৰণ কৰিব। ৩-৪ দিনৰ ভিতৰত এই সুবিধা লাভ কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে হাগ্ৰামা মহিলাৰীয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।