লকডাউনৰ সময়ছোৱাত বটদ্ৰৱা আৰক্ষীৰ প্ৰসংশনীয় পদক্ষেপ, দৰিদ্ৰ লোকৰ মাজত বিতৰণ চাউল, দালিকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী

 03/26/2020 - 15:41
 
 
 
বটদ্ৰৱাঃ লকডাউনৰ পৰিপেক্ষিতত জনজীৱন স্তব্ধ। চৌদিশে নিমাওমাও পৰিৱেশ। দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা দৰিদ্ৰ লোকসকলৰ বাবে এই সময়ছোৱা অতিকৈ দুঃসময়। লকডাউনৰ এই সময়ছোৱাত যাতে দৰিদ্ৰ লোকে খাদ্যৰ অভাৱত ভূগিব লগীয়া নহয় তাৰ বাবে বটদ্ৰৱা আৰক্ষীয়ে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত আৰক্ষীৰ দলে দৰিদ্ৰলোকৰ মাজত বিতৰণ কৰিছে চাউল আৰু দালিকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী। লগতে কৰ’ণা ভাইৰাছ প্ৰতিৰোধ সম্পর্কে চৰকাৰক নিৰ্দেশ পালন কৰিবলৈ আহ্বান জনাই।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।