আইনী সজাগতাৰ বাবে প্ৰচাৰ মাধ্যমৰ ভূমিকা

 02/25/2019 - 19:55

গুৱাহাটী : আইন সেৱা প্ৰাধিকাৰীয়ে ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেশ্বনৰ সহযোগত ২৫ ফেব্ৰুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাবত জুভিনেল জাষ্টিচ এক্ট আৰু পস্ক’ বিষয়ত প্ৰচাৰ মাধ্যমৰ ভূমিকাক লৈ এখনি সভা অনুষ্ঠিত কৰা হয়। এই বিষয়ে পূৰ্বেও বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, গাঁও -ভূঞে আৰু চহৰৰ বিভিন্ন স্থানত বিভিন্ন সময়ত আইন সাহাৰ্য্য সভা অনুষ্ঠিত কৰি আহিছে।

বৰ্তমান আইনী সজাগতা অতি প্ৰয়োজনীয়তাৰ বাবে আৰু ইয়াৰ বিষয়ে সকলোকে অৱগত কৰাবৰ বাবে এই বিষয়টোক লৈ প্ৰচাৰ চলাই অহা হৈছে। এই সভাত উপস্থিত থাকে প্ৰাক্তন জিলা আৰু সত্ৰ ন্যায়াধীশ শ্ৰীযুত খগেন দহোটীয়া, সচিব, কামৰূপ জিলাৰ আইন সেৱা প্ৰাধিকাৰী শ্ৰীযুতা জ্যোৎস্না দাস আৰু লগতে বহুতো গণ্য-মান্য ব্যক্তি৷ এই অনুষ্ঠানত ৰাম নাম কি মধুৰ’ নামৰ লোকগীতৰ সংকলন এখনো উন্মোচন কৰা হয়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।