কৰ’ণাৰ বিৰুদ্ধে যুঁজ, মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ লেখাপানীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰেন গগৈৰ এক লাখ টকাৰ অনুদান

 03/28/2020 - 17:11
 
 
 
 
 
 
জাগুনঃ যি সময়ত সমগ্ৰ দেশতেই মহামাৰী ক'ৰণাই সংহাৰী ৰূপ ধাৰণ কৰিছে সেই সময়তে এই ব্যাধিক ৰোধ কৰিবৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে লক ডাউন ঘোষণা কৰাত সকলো জনসাধাৰণে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হৈছে যদিও একাংশ সৰু ডাঙৰ ব্যৱসায়ীয়ে নিজৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান স্তব্ধ হোৱাত মূৰে কপালে হাত দিছে। তাৰ মাজতেই তিনিচুকীয়া জিলাৰ লেখাপানীৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হৰেন গগৈয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ নগদ এক লাখ টকা অনুদান আগবঢ়োৱা দেখা যায়।
ব্যৱসায়ী জনৰ এই মহানুভৱতাক সচেতন ৰাইজে প্ৰশংসা কৰিছে। এই ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহুতো বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এই প্ৰতিৰোধ কাৰ্যত কেন্দ্ৰীয় তথা অসম চৰকাৰৰ বৃহৎ পুঁজি আৱশ্যক হৈ পৰিছে। তেনেস্থলত অসম অৰুণাচল সীমান্ত লেখাপানীৰ প্ৰতিষ্ঠিত ব্যৱসায়ী হৰেন গগৈয়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অন লাইন যুগে এক লাখ টকাৰ এখন চেক প্ৰদান কৰে। অনাগত দিনত হৰেন গগৈয়ে স্থানীয় দৰিদ্ৰ সীমা ৰেখা তলৰ ব্যক্তি সকলক অত্যাৱশ্যকীয় সামগ্ৰী অনুদান আগবঢ়াবলৈ প্ৰস্তুত আছে বুলি সংবাদ মাধ্যমৰ যোগেদি জানিবলৈ দিয়ে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।