জাজৰি আৰক্ষীৰ মহানুভৱতাঃ দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰে খাদ্য-সামগ্ৰী

 03/29/2020 - 19:46
 
 
 
বটদ্ৰৱাঃ ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে লকডাউনৰ ঘোষণা। এই দুৰ্যোগৰ সময়ত জাজৰি আৰক্ষীয়ে দৰিদ্ৰ লোকসকলক সাহায্য প্ৰদান কৰি এক মহানুভৱতাৰ নিদৰ্শন দাঙি ধৰিলে। ভাৰপ্ৰাপ্ত বিষয়া মলয় কুমাৰ আচাৰ্য্যিৰ তত্ত্বাৱধানত আৰক্ষীৰ দলে দেওবাৰে শতাধিক দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্যসামগ্ৰী বিতৰণ কৰে। লগতে কৰ'ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সকলোকে সজাগ কৰি তোলাৰ প্ৰয়াস কৰাও দেখা যায়। আনহাতে নগাঁৱৰ অগ্নিনিৰ্বাপক বাহিনীৰ ব্যৱস্থাপনাত দেওবাৰে সমগ্ৰ জাজৰি অঞ্চল বীজাণুমুক্ত কৰাৰ বাবে ছেনিটাইজ কৰা দেখা পোৱা গৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।