আজি সৰ্থেবাৰীত চন্দ্ৰমোহন পাটোৱাৰী: পৰ্যালোচনা সভাত অংশগ্ৰহণ

 04/05/2020 - 17:12
পূব বৰপেটা: অসমৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা প্ৰশাসনৰ মুৰব্বী তথা কেইবাটাও বিভাগৰ মুৰব্বীৰ সৈতে ক'ৰণা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে।
বৰপেটা  জিলাত বৰ্তমানলৈ এজনো কোভিড-19 ৰোগী ওলোৱা নাই। জিলাখনত মাস্ক পৰ্যাপ্ত পৰিমাণৰ থকা বুলি উল্লেখ কৰাৰ লগতে জিলা উপায়ুক্তৰ তত্বাৱধানত জিলাখনৰ বিভিন্ন প্ৰান্তত ছেনিটাইজ কৰি থকাৰ কথা উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে। নিজামুদ্দিনৰ ঘটনা সন্দৰ্ভত সামাজিক মাধ্যমত যিসকলে সাম্প্ৰদায়িক মন্তব্য কৰি আছে তেওঁলোকক এনে মন্তব্যৰ পৰা আঁতৰি থকাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আহ্বান জনাইছে। এইসময়ত সকলোৰে লগত সহযোগিতা আগবঢ়াই ক'ৰণা ভাইৰাছৰ সতে যুঁজ দিবলৈ আহ্বান জনায়।
আনহাতে যিসকল লোক নিজামুদ্দিন মাৰ্কাজৰ পৰা উভতি আহি এতিয়াও স্বাস্থ্য পৰীক্ষা কৰা নাই তেওঁলোকক অতি সোনকালে স্বাস্থ্য বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মন্ত্ৰী পাটোৱাৰীয়ে।
অন্যথা তেওঁলোকক আৰক্ষীয়ে বিচাৰি নিবলৈ বাধ্য হ'ব বুলিও সকিয়নি প্ৰদান কৰে। সৰ্থেবাৰীস্থিত সৰুক্ষেত্ৰীত ত্ৰিশখন বিচনাযুক্ত গ্ৰাম্য চিকিৎসালয় আৰু ভক্তৰডবা আদৰ্শ চিকিৎসালয়ত এম্বুলেঞ্চ নথকা বাবে আজিৰ পৰাই দুয়োখন চিকিৎসালয়ত এম্বুলেঞ্চ যোগান ধৰা হ'ব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।
বৰপেটা জিলাত ষোল্ল শতাধিক হোম কোৱাৰান্টাইনত থকাৰ কথা উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। ইয়াৰ ভিতৰত ৩২৬ জন সৰ্থেবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ বুলি তেওঁ জানিবলৈ দিয়ে। সৰ্থেবাৰী ৰাজহ চক্ৰৰ অধীনত হোম কোৱাৰান্টাইনত থকা ব্যক্তিসকলৰ ভিতৰত ৫ গৰাকী বাংলাদেশৰ পৰা, ৪ গৰাকী নেপালৰ পৰা, ৬১ গৰাকী বহিঃৰাজ্য কেৰালা, মহাৰাষ্ট্ৰ আদিৰ পৰা অহা লোক আছে।
গুৰুত্বপূৰ্ণ সভাখনত জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মা, অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটা জিলাৰ যুটীয়া সঞ্চালককে ধৰি কেইবাগৰাকীও বিষয়া উপস্থিত থাকে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।