তবলীগ জামাত সমিতিৰ বিৰুদ্ধে খাৰুপেটিয়া থানাত গোচৰ ৰুজু দৰং আৰক্ষীৰ

 04/07/2020 - 15:03

মঙলদৈ: দৰং জিলা তবলীগ জামাত সমিতিৰ বিৰুদ্ধে খাৰুপেটিয়া থানাত গোচৰ ৰুজু দৰং আৰক্ষীৰ। গোচৰ নং  C/NO 119/2020 U/S120(B)/270/271/308 IPC ত ৰুজু হৈছে গোচৰ। এই কথা জনালে দৰঙৰ আৰক্ষী অধীক্ষক অমৃত ভূঞাই।

উল্লেখযোগ্য যে ৫ এপ্ৰিল তাৰিখে ৯ জন জামাতিক খাৰুপেটীয়াত উদ্ধাৰ কৰিছিল দৰং আৰক্ষীয়ে। এই ৯ গৰাকী জামাটিয়ে খাৰুপেটীয়াৰ কমাৰগাঁও য়াকুব আলিৰ ঘৰত বহু দিনৰ পৰাই বাহৰপাতি আছিল।

আনহাতে সোমবাৰে এই ৯ জন জামাতৰ সদস্যক বিয়লিভাগত স্বাস্থ্য বিভাগে গুৱাহাটীৰ সৰুসজাই কোবাইন্টাম চেন্টাৰলৈ প্ৰেৰণ কৰে। প্ৰথমে খাৰুপেটিয়া চিকিৎসালয়লৈ আনি আটাইকে পিছত বিশেষ এম্বুলেঞ্চেৰে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।