দেৰগাঁৱৰ ঐতিহাসিক নেঘেৰিটিং শিৱ দলত কপিকুলক খাদ্য বিতৰণ

 04/08/2020 - 17:12

দেৰগাঁৱ: সমগ্ৰ বিশ্বত এতিয়া ক'ৰণা আতংক। এমুঠি অন্ন বাবে হাহাকাৰ বিশ্ববাসী। প্ৰাণীকুল, জীৱ-জন্তু জীয়াই থকাৰ বাবেও এক দুৰ্ভীক্ষময় পৰিস্থিতি সৃষ্টি হৈছে। দৰিদ্ৰ লোকৰ বাবে চৰকাৰী সাহয্য বিভিন্ন স্থানত বিতৰণ ব্যৱস্থা কৰিছে কিন্তু সেয়াও যেন পৰ্যাপ্ত নহয়। 

তেনে সময়তে দেৰগাঁৱৰ দুজন সচেতন যুৱকে শ শ জীৱ জন্তু খাদ্য সামগ্ৰী বিতৰণ কৰি এক মহান আদৰ্শ দাঙি ধ‌ৰিছে। লকডাউন হোৱাৰ বাবে মন্দিৰ সম্পূৰ্ণভাবে বন্ধ হৈ থকাৰ পৰি মন্দিৰত থকা কপিকুল সমুহৰ খাদ্যৰ যথেষ্ট নাটনি হৈছে।

যিহেতু দৰ্শনাৰ্থীসকলে মন্দিৰ দৰ্শন কৰিবলৈ আহিলে যথেষ্ট খাদ্য সামগ্ৰী বিতৰণ কৰে। তেনে সময়ত জীৱকুল জীয়াই থাকিবলৈ প্ৰয়োজন হোৱা অলপ খাদ্য সমগ্ৰী নিজ প্ৰচেষ্টাত দেৰগাঁৱৰ বিভিন্ন স্থানৰ লগতে ঐতিহাসিক দেৰগাঁৱৰ নেঘেৰিটিং শিৱ মন্দিৰৰ কপিকুলক বিতৰণ কৰে। 

এনে মহান প্ৰচেষ্টাক সচেতন সমাজে শলাগ লয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।