গাঁৱে গাঁৱে সজাগতাৰ বাণী: সাহায্য বিতৰণ

 04/10/2020 - 14:00

বজালী: লকডাউনে বহু দুখীয়াৰ জীৱনত সৃষ্টি কৰিছে কৰুণ পৰিৱেশ। উকা পাকঘৰত এতিয়া এমুঠি অন্নৰ বাবে হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিত চৰকাৰৰ লগতে বহু হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াই আহিছে যদিও ই পৰ্যাপ্ত নহয়।

তেনে ক্ষণতে পাঠশালাৰ অগ্ৰণী অনুষ্ঠান উদয়ন সংঘই এতিয়া নামি পৰিছে দুখীয়াক কিছু সহায় কৰিবলৈ। লগতে চিকিৎসক ডা০ নিউটন দাসক লগত লৈ গাৱলীয়া মানুহৰ মাজত পৰিস্কাৰ পৰিচন্নতা আৰু ক'ৰণাৰ পৰা হাত সাৰিবলৈ বিলাই ফুৰিছে পৰামৰ্শ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।