04/10/2020 - 15:43
in

শ্ৰীৰামপুৰ: ক'ৰণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা লকডাউন যেন এতিয়া নামতহে চলি আছেগৈ বহু অঞ্চলত। একাংশই লকডাউন উলংঘা কৰি হেতা ওপৰা লগাইছে বেংকসমূহত।
কোকৰাঝাৰ জিলাৰ গোসাইগাঁও ইউকো বেংক, শ্ৰীৰামপুৰ অসম গ্ৰামীণ বিকাশ বেংকতো একেই পৰিৱেশ। লকডাউন ভংগ কৰি প্ৰধানমন্ত্ৰীৰ জন ধন যোজনাৰ টকা লবলৈ হেতাওপৰা লগাইছে ৰাইজে।
ৰাইজৰ দীঘলীয়া শাৰী, ঘন্টাৰ পাছত ঘন্টা থিয় হৈ আছে দুয়োটাকৈ কেন্দ্ৰৰ সন্মুখত। হাতে হাতে পাচবুক লৈ থিয় হৈ হেতা ওপৰা লগাইছে ধন জন যোজনাৰ টকা সংগ্ৰহৰ বাবে। মানি চলা নাই কোনো চৰকাৰী নিয়ম নীতি, নাই মুখত মাক্স।
আনহাতে গ্ৰাহক সেৱা কেন্দ্ৰ দুটাই গ্ৰহণ কৰা নাই কোনো সজাগতামূলক ব্যৱস্থা। নাই হাত ধোৱাৰ ব্যৱস্থা, কেন্দ্ৰ দুটাৰ সন্মুখত ৰাইজে বজাই ৰখা নাই সামাজিক দূৰত্ব।