গৌৰীপুৰত সুলভ মূল্যৰ চাউল বিতৰণৰ নামত ব্যাপক দুৰ্নীতি

 04/10/2020 - 16:13

গৌৰীপুৰ: গোটেই বিশ্বত বৰ্তমান মাৰাত্মক ক'ৰণা ভাইৰাছৰ কাৰণে লকডাউন ঘোষণা কৰাত খাদ্যৰ বাবে দৰিদ্ৰ ৰাইজে হাহাকাৰ কৰি থকাৰ সময়তে সেই খাদ্যক লৈ চলিছে দুৰ্নীতি।

গৌৰীপুৰৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বিটিচিৰ পৰ্বতঝোৰা যোগান বিভাগৰ বাশবাৰীৰ সমবায় সমিতিৰ শিলাইৰপাৰ ২য় খণ্ড গাঁৱৰ সুলভ মূল্যৰ দোকানীয়ে আব্দুল আজিজ শ্বেখে চলাইছে ব্যাপক অনিয়ম, চাউল বিতৰণৰ নামত বিসংগতি।

চৰকাৰী নিৰ্দেশ অমান্য কৰি সুলভ মূল্যৰ দোকানীয়ে চলাই আছে দুৰ্নীতি। চৰকাৰে AAY আৰু PHH আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ ৰেচন কাৰ্ড থকা হিতাধিকাৰী এজনক পাঁচ কেজিকৈ চাউল দিবলৈ নিৰ্দেশ দিছিল চৰকাৰে কিন্তু দােকানীয়ে চাৰি কেজিকৈহে চাউল দি আছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

ইয়াৰ উপৰি কাৰ্ডত ৮ জনৰ নাম থাকিলে ৪ জনকহে চাউল প্ৰদান কৰে আব্দুল আজিজ শ্বেখে। দোকানীজনৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভোক্তভোগী দৰিদ্ৰ লোকসকলে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।