১০০০ টকীয়া কেলেংকাৰী: পঞ্চায়ত সচিবৰ বিৰুদ্ধে অভিযোগ

 04/13/2020 - 14:03

মায়ঙ: সমগ্ৰ দেশৰ লগতে জাগীৰোড সমষ্টিৰ মায়ঙ উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰানীবঢ়ী গাঁও পঞ্চায়তৰ দৰিদ্ৰ ৰেচন কাৰ্ড নথকা লোকৰ বাবে চৰকাৰে প্ৰদান কৰা এককালীন সাহায্যৰ নামত অনিয়ম সংঘটিত কৰিছে পঞ্চায়ত সচিব আব্দুল্লা হাজৰিকাই। পঞ্চায়তৰ একাংশ সচেতন লোক আৰু দৰিদ্ৰ ৰেচন কাৰ্ড নথকা লোলে এই অভিযোগ উত্থাপন কৰিছে।

এইজন দুৰ্নীতি পৰায়ণ সচিব আব্দুল্লা হাজৰিকাই নিজৰ মইমতালিৰে প্ৰকৃত ৰেচন কাৰ্ড নথকা লোকক বঞ্চিত কৰি নিজৰ ঘনিষ্ঠ ৰেচন কাৰ্ড থকা সকলক এই ১০০০ হাজাৰ টকা সাহায্য প্ৰদান কৰে। তাকলৈ পঞ্চায়তৰ একাংশ সচেতন লোকে জাঙুৰ খাই উঠে এইজন আব্দুল্লা হাজৰিকাৰ বিৰুদ্ধে। কিন্তু পঞ্চায়ত সচিব আব্দুল্লা হাজৰিকাই যেন কেৰেপেই নকৰে পঞ্চায়তৰ একাংশ জনপ্ৰতিনিধি আৰু সচেতন লোকক।

আগতেও বহুতো দুৰ্নীতিৰ অভিযোগ আছে এইজনৰ বিৰুদ্ধে। বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কোনো বিহিত ব্যাৱস্থা লোৱা পৰিলক্ষিত নহ'ল তেওঁৰ বিৰুদ্ধে।

এতিয়া প্ৰশ্ন হয়, কাৰ বলত বলিয়া এইজন দুৰ্নীতিৰ সদাগৰ পঞ্চায়ত সচিব আব্দুল্লা হাজৰিকা, নে মন্ত্ৰী পীযুষ হাজৰিকাৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে কোনো বিহিত ব্যাৱস্থা নলয় বিভাগীয় কৰ্তৃপক্ষই।

বাৰম্বাৰ অভিযোগ দিয়াৰ পিছতো কিয় ব্যাৱস্থা নলয় এনে দুৰ্নীতিৰ সদাগৰ পঞ্চায়ত সচিব আব্দুল্লা হাজৰিকাৰ বিৰুদ্ধে।

সেয়ে এই দৰিদ্ৰ পৰিয়ালসমূহৰ এটাই দাবী যাতে চৰকাৰ অথবা বিভাগীয় কৰ্তৃপক্ষই যাতে উচিত তদন্ত কৰি এইজন পঞ্চায়ত সচিব আব্দুল্লা হাজৰিকাৰ বিৰুদ্ধে বিহিত ব্যাৱস্থা গ্ৰহণ

কৰে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।