লকডাউনৰ ফলত খাদ্য সংকটত ভুগিছে কপিকুল

 04/13/2020 - 15:31

ডবকা: সমগ্ৰ দেশজুৰি ২০ দিনীয়া লকডাউনৰ ফলত সৰ্বত্ৰে এক হাহাকাৰময় পৰিস্থিতি৷ মানুহৰ সমান্তৰালকৈ হোজাইৰ ডবকা সংৰক্ষিত বনাঞ্চলখনত থকা কপিকুল ভয়ংকৰ খাদ্য সংকত পৰিছে৷ কিয়নো লকডাউনৰ পূৰ্বে সংৰক্ষিত বনাঞ্চলখনৰ মাজেৰে চলাচল কৰা ৰাষ্ট্ৰীয় ঘাইপথত চলাচল ৰা গাড়ীসমূহৰ পৰা যাত্ৰীসকলে খাদ্য বস্তু দি গৈছিল৷

কিন্তু বৰ্তমান লকডা উন চলি থকাৰ ফলত গাড়ী চলাচল বন্ধ হৈ পৰিছে যাৰবাবে এই কপিকূল খাদ্য সংকত ভূগীবলগীয়া হৈছে৷ কপিকুলৰ এনে অৱস্থা পৰিলক্ষিত কৰি ডবকাৰ এটি সাংবাদিকৰ দল আৰু হালধিআটী উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াই এই কপিকুলক খাদ্য সামগ্ৰী যোগান ধৰে৷ 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।