গোসাইগাঁৱত লকডাউনৰ প্ৰভাৱঃ হাঁহ, ছাগলী, গাহৰিৰ খাদ্যৰ অভাৱ

 04/15/2020 - 15:20

শ্ৰীৰামপুৰ: ৰাজ্যত এতিয়া লকডাউনৰ বিৰুপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। পথাৰত শাক-পাচলি পচিবলৈ ধৰাৰ লগতে খাদ্যৰ অভাৱত এতিয়া মৃত্যুমুখত পৰিছে পশুধনসমূ

গোসাইগাঁৱৰ মাকতাইগাঁও অঞ্চলত বসবাস কৰা দেবনাথ মুছাহাৰি (৪৫) নামৰ ব্যক্তিজনে দীৰ্ঘবছৰ ধৰি স্বাৱলম্বী হোৱাৰ উদ্দেশ্যৰে আলু, জলকীয়া, এণ্ডি পোক, ছাগলী, গাহৰিকে

ধৰি বিভিন্ন উৎপাদিত কাম কৰি নিজৰ পৰিয়াল পোহপাল দি আছে যদিও ২১ দিনৰ লকডাউনৰ সময়ত খেতি কৰা আলু, জলকীয়া পচিব ধৰিছে লগতে ছাগলী, হাঁহ, গাহৰি,

এণ্ডি পোক আদি খাদ্যৰ অভাৱত মৰিবলৈ ধৰিছে। কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ মাকতাইগাঁও অঞ্চলৰ দৃশ্য এইয়া

দেবনাথ মুছাহাৰী নামৰ এইগৰাকী ব্যক্তিয়ে নিজেই পৰিশ্ৰম কৰি ছাগলী, হাঁহ, গাহৰিৰ ফ্ৰাম খুলিছিল যদিও সম্প্ৰতি ফ্ৰামখন মৃত্যুমুখত৷ এণ্ডি পোক প্ৰতি কেজি সাত হেজাৰ টকা মূল্যত বিক্ৰী কৰিছে যদিও খাওঁতা নাই৷ সম্প্ৰতি লক্ষাধিক টকা লোকচান হোৱা বুলি ফ্ৰামখনৰগৰাকীয়ে জানিবলৈ দিয়ে৷ 

খাদ্যৰ সংকটে দেখা দিয়াত হাঁহ, ছাগলী, গাহৰিমূহক এতিয়া কলগছ কাটি খুৱাৱ লগা পৰিবেশ সৃষ্টি হৈছে৷ পশুধনসমূহ সুৰক্ষাৰ স্বাৰ্থত ৰাজ্য চৰকাৰক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ দাৱী জনাইছে খেতিয়ক তথা পালক দেবনাথ মুছাহাৰিয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।