দলগাঁৱত এন এফ এছ আঁচনিৰ পৰা বঞ্চিত দুখীয়া

 04/15/2020 - 16:12

দলগাঁও: মহামাৰী ক'ৰণা ভাইৰাচ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰজুৰি চলি থকা লকডাউনৰ বাবে দেখা দিছে ব্যাপক খাদ্য সংকট। যি সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত সামৰ্থ্যৱান লোক আৰু দল সংগঠনে দুখীয়াৰ মুখত এমুঠি অন্ন দিবলৈ আগবাঢ়ি আহিছে তেনে সময়তে দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত বিভিন্ন গাঁও পঞ্চায়তত দেখা গৈছে বিপৰীত ছবি।

চৰকাৰে ৰাজ্যৰ সকলো গাঁও পঞ্চায়তক ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ পৰা বঞ্চিত দুখীয়াক এহেজাৰকৈ টকা দিবলৈ দিয়া নিৰ্দেশক বুঢ়া আঙুলি দেখাইছে দলগাঁও শিয়ালমাৰী আৰু বেছিমাৰী উন্নয়ন খণ্ডৰ একাধিক পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে।

অভিযোগ মতে বেছিমাৰী গাঁও পঞ্চায়তৰ ৭ নং ৱাৰ্ডত অন্য পঞ্চায়তৰ লোকক এহেজাৰকৈ টকা দিয়াৰ অভিযোগ উঠিছে। অনুৰূপ অভিযোগ উঠিছে ১/২ বৰুৱাঝাৰ গাঁও পঞ্চায়তৰ বিৰুদ্ধেও।

একাংশ পঞ্চায়ত প্ৰতিনিধিয়ে দুখীয়া লোকক বঞ্চিত কৰি ধনী লোক, চাউলৰ কাৰ্ড থকা লোকৰ লগতে জন প্ৰতিনিধিৰ অঙহী-বহঙীক টকা দিয়াৰ লগতে আৰু চৰমভাবে ৰাজনীতিকৰণ কৰা হৈছে বুলি অভিযোগ তুলিছে।

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।