ৰঙালী বিহুৰ মাজতে ধেমাজিত চাঞ্চল্যকৰ ঘটনা: স্বামীৰ দাৰ ঘাপত পত্নীৰ মৃত্যু

 04/16/2020 - 14:25

ধেমাজিপশিম ধেমাজিৰ বৰ্হমথুৰী গাঁৰ ভূপেন চাংমা (ভকলা)ই পত্নী মিনা চাংমাইক ১৪ তাৰিখে ৰাতিপুৱা ৬ বজাত চোকা দাৰে উপৰ্যুপৰি ঘপিয়াই আহত কৰে। পিছত স্থানীয় লোকৰ সহযোগত মহিলাগৰাকীক ধেমাজিৰ চিকিৎসালয়ত তৎকালীন বিভাগত ভৰ্তী কৰা হয়।

উক্ত সময়চোৱাত মহিলাগৰাকীৰ সংকট অৱস্থা দেখি ধেমাজি পৰা ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰে চিকিৎসকে। বুধবাৰে মহিলাগৰাকীৰ ডিব্ৰুগড় মেডিকেল কলেজত মৃত্যু হয়।

উল্লেখ্য যে মহিলাগৰাকী পৰিয়াল লোকে ভূপেন চাংমাই ওপৰত ধেমাজি সদৰ থানাত এজাহাৰ দাখিল কৰে। বৰ্তমানে আৰক্ষীৰ তদন্ত অব্যাহত আছে

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।