বুৰাবুৰী সমবায় সমিতিৰ সভাপতিৰ সাহায্য প্ৰদান

 04/16/2020 - 16:36

মায়ঙ: সম্প্ৰীতি লকডাউন ঘোষণা কৰাৰ পাছৰ পৰাই স্তব্ধ হৈ পৰিছে জনজীৱন। ক'ৰণাৰ আতংকত গৃহবন্দী, বহু দৰিদ্ৰ পৰিয়ালসমূহৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান ৰূপে থিয় দিছে খাদ্য সংকটে। তেনে সময়তে দেখা গ'ল বুৰাবুৰী সমবায় সমিতিৰ সভাপতি আব্দুল খালেকে থিয় দিছেহি এই দৰিদ্ৰ পৰিয়ালসমূহক কিছু পৰিমাণে সকাহ দিয়াৰ বাবে।

আজি জাগীৰোড সমষ্টিৰ অন্তৰ্গত মায়ঙৰ বুৰাবুৰী সমবায় সমিতিৰ এলেকাধীন বুৰাবুৰী, কুচুমপুৰ, পকৰিয়াডুভা, খলনি, গৰুমৰা গাঁৱৰ দৰিদ্ৰ পৰিয়ালসমূহক খাদ্য দি সহায়ৰ হাত আগবাঢ়াই বুৰাবুৰী সমবায় সমিতিৰ সভাপতি আব্দুল খালেকে

বুৰাবুৰী সমবায় সমিতিৰ সভাপতি আব্দুল খালেকৰ এনে মহানুভতাৰ শলাগ লয় অঞ্চলবাসীয়ে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।