হোজাইৰ যমুনামুখত কৃষকৰ হাহাকাৰ: মন্ত্রীলৈ সহায়ৰ আহ্বান

 04/17/2020 - 13:56

ডবকা: লকডাউনৰ বাবে যমুনামুখৰ কাটখটীয়া ভকতগাঁৱৰ ৫০০ শতাধিক মাটিত উৎপাদিত হোৱা কেঁচা সামগ্ৰী বিনষ্ট হৈ পৰিছে। হাট-বজাৰ বন্ধ থকাৰ বাবে বেছিব পৰা নাই কেঁচা সামগ্ৰী সমূহ।

ধাৰ-ঋণ কৰি কেঁচা সামগ্ৰী উৎপাদন কৰা কৃষকসকল এতিয়া চিন্তিত হৈ পৰিছে। অকল এয়াই নহয় যমুনামুখৰ কাটখটীয়া গাঁৱত বানপানীৰ সময়তো ৫০০ শতাধিক মাটিৰ কেঁচা সামগ্ৰী বিনষ্ট হৈছিল। যদিও চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনোধৰনৰ সহাৰি পোৱা নাছিল।

সেয়ে বৰ্তমান লকডাউনত বিনষ্ট হোৱা খেতি-পথাৰৰ বাবে একাংশ কৃষি শ্ৰমিকৰ সহায়ৰ দাবী কৃষি মন্ত্ৰী অতুল বৰাক।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।