ডিমাপুৰত আবদ্ধ শ্ৰমিকক উদ্ধাৰ বাবে চৰকাৰ-প্ৰসাশনক কাতৰ আহ্বান পৰিয়ালৰ

 04/17/2020 - 16:31

লাহৰীঘাট: ব্ৰহ্মপুত্ৰৰ বান খহনীয়াই সৰ্বস্বান্ত কৰা মৰিগাঁও জিলাৰ নৈপৰীয়া অঞ্চল ভূৰাগাঁও-লাহৰীঘাটৰ বহু দৰিদ্ৰ লোকে পেটৰ তাৰণাত ডিমাপুৰলৈ কাম কৰিবলৈ গৈ বৰমা কেম্পৰ ইষ্ট ব্লক কলনিত লকডাউনৰ ফলত আবদ্ধ হৈ আছে বুলি সংবাদ মাধ্যমক এটা ভিডিঅ'ৰ যোগেদি অৱগত কৰিছে আবদ্ধ হৈ থকা শ্ৰমিকসকলে।

সম্প্ৰতি আবদ্ধ হৈ থকা শ্ৰমিকসকলে খাদ্যৰ পৰা আৰম্ভ কৰি বিভিন্ন অসুবিধা সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। আবদ্ধ হৈ থকা শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ তেওঁলোকৰ পৰিয়ালবৰ্গই অসম চৰকাৰ তথা মৰিগাঁও জিলা প্ৰসাশনক কাতৰ আহ্বান জনাইছে।

শ্ৰমিক কেইজনৰ যোগাযোগ নম্বৰ 7025657826 আৰু 6001100737

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।