আজি ৭ ব'হাগ: চুতীয়া জাতিৰ বীৰাংগনা ৰাণী সাধনীৰ স্মৃতি দিৱস

 04/20/2020 - 13:21

ঢকুৱাখনাঢকুৱাখনাত অসম চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে সাধনী দিৱস উদযাপনৰ প্ৰস্তুতি চলিছিল যদিও ক'ৰণা আৰু লকডাউনৰ বাবে বাতিল হ'ল এই অনুষ্ঠান।

পৰিবৰ্তে আজি ঢকুৱাখনাৰ সাধনী ভৱনত চৰকাৰী নিৰ্দেশনা মানি সামাজিক দূৰত্ব ৰক্ষা কৰি কেৱল পতাকা উত্তোলন, স্মৃতি তৰ্পনেৰে পালন কৰে সাধনীৰ-৪৯৬ বছৰীয়া স্মৃতি দিৱস।

এই অনুষ্ঠানত অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰীৰ প্ৰতিনিধিত্ব কৰি বিজেপিৰ কেন্দ্ৰীয় সদস্য বসন্ত শইকীয়াই অংশগ্ৰহণ কৰি সাধনীৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰে। ইফালে ঢকুৱাখনা জিলা চুতীয়া জাতি সন্মিলনৰ সভাপতি গংগেশ্বৰ বৰুৱাই পতাকা উত্তোলন কৰে।

অন্যহাতে সন্ধিয়া প্ৰতিঘৰ চুতীয়া লোককে ঘৰৰ পদূলিত একোগছিকৈ বন্তি প্ৰজ্জ্বলনৰ বাবেও আহ্বান জনা

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।