সৰ্বস্বান্ত খাৰুপেটীয়াৰ দুগ্ধ উৎপাদক: বিক্ৰী কৰিব নোৱাৰি পেলাই দিছে লিটাৰে লিটাৰে গাখীৰ

 04/20/2020 - 13:37

খাৰুপেটীয়া: প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ ফলত আটাইতকৈ বেছি লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষকসকলৰ লগতে দুগ্ধ উৎপাদকসকল। কৃষকৰ পাচলি  বিক্ৰী কৰিব নোৱাৰি পথাৰতে নষ্ট হোৱাৰ দৰে দুগ্ধ উৎপাদকসকলৰো বৰ্তমান পানীত হাঁহ নচৰা অবস্থা। লিটাৰে লিটাৰে গাখীৰ বিক্ৰী কৰিব নোৱাৰি পেলাই দিবলগীয়া অবস্থাৰ সৃষ্টি হৈছে দৰঙৰ খাৰুপেটীয়াত।

খাৰুপেটীয়াৰ নিকটৱৰ্তী নং আৰিমাৰী গাঁৱৰ আয়ুব আলী নামৰ ম'হ পালকজনে জনোৱা মতে তেওঁৰ ১০ টা ম'হৰ পৰা দৈনিক প্ৰায় ৭০/৮০ লিটাৰ গাখীৰ উৎপাদন হয়। যাৰ বজাৰ মূল্য প্ৰায় ৫ হাজাৰ টকা। লকডাউনৰ ফলত উৎপাদিত এই গাখীৰ বজাৰত বিক্ৰী কৰিব নোৱাৰি প্ৰায়েই পেলাই দিবলগীয়া হৈছে এই বৃহ পৰিমাণৰ গাখীৰ যাৰফলত লোকচানৰ সন্মুখীন হৈছে দৈনিক হাজাৰ হাজাৰ টকা।

আনকি এইসমূহ পশুধনক ধনৰ অভাৱত যোগান ধৰিব পৰা নাই প্ৰয়োজনীয় দানা আৰু দৰব।  ফলত দিনক দিনে স্বাস্থ্যৰ অৱনতি ঘটিব ঘটিছে ৮-১০ লাখ টকা মূল্যৰ পশুধনৰ।

এই লাখ লাখ টকাৰ পশুধনৰ গাখীৰ বিক্ৰী কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে গাখীৰ উৎপাদনেৰে পৰিয়াল পোহপাল দিয়া খাৰুপেটীয়াৰ আয়ুব আলী নামৰ দুগ্ধ উৎপাদকজন।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।