লকডাউন অমান্য গোৱৰ্ধনাবাসীৰ

 04/20/2020 - 15:18

খাৰিজা বিজনীদেশৰ প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁ‌হাৰি নাই বৰপেটাৰ গোৱৰ্ধনাবাসীৰ। গোৱৰ্ধনাত লকডাউন আইন উলংঘন কৰা দেখা গ'ল একাংশ কাণ্ডজ্ঞানহীন লোকক। বাক্সা আৰু বৰপেটা জিলাৰ সীমামূৰীয়া অঞ্চল হোৱা বাবেই হয়তো গুৰুত্ব পোৱা নাই গোৱৰ্ধনা চ'ক বজাৰখন।

বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্ধনা চকত লকডাউনৰ নামত চলিছে ভেকোভাওঁনা। আৰক্ষীয়ে কঠোৰৰপৰা কঠোৰতম ব্যৱস্থা লোৱাৰ পিছতো যেন গা-লৰা নাই একাংশ লোকৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।