ধুমুহাই বিধ্বস্ত কৰা দুৰ্ভগীয়া মহিলাক সহায় ডবকাৰ ৰাজহ চক্ৰ বিষয়াৰ

 04/20/2020 - 16:38

ডবকা: মহামাৰী ক'ৰণা ভাইৰাছক ৰুধিবলৈ লকডাউন চলি আছে সমগ্ৰ দেশত৷ এই সময়ত দেশৰ দৰিদ্ৰ জনসাধাৰণৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে৷ এনে এক সময়ত হোজাই জিলাৰ ডবকাৰ সুতাৰ গাঁৱৰ ৮ নং ৱাৰ্ডৰ এটি পৰিয়ালৰ কৰুণ গাঁথা পোহৰলৈ আহিছে।

যোৱা ১৭ এপ্ৰিলৰ নিশা অহা এজাক কাল ধুমুহাই বিধ্বস্ত কৰিলে পৰিয়ালটোৰ একমাত্ৰ আপোন ঘৰখন৷ এতিয়া পৰিয়ালটোৰ তিনি সদস্যৰ আশ্ৰয়স্থল মুকলি আকাশৰ তলত৷ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰীজন চামচুল হক কৰ্মসূত্ৰে বেংগলুৰুত থাকে৷

লকডাউনৰ বাবে নিজৰ ঘৰখনলৈ আহিব পৰা নাই চামচুল৷ ধুমুহাই আপোন ঘৰখন উৰুৱাই নিয়াৰ পিছত স্বাভাৱিকতে চামচুল হকৰ পত্নীয়ে দুই পুত্ৰ সন্তানক লৈ বিপদত পৰিছে ৷ এনে এক সময়ত বিপদগ্ৰস্ত মহিলা গৰাকীৰ কাষত থিয় দিলে হোজাই জিলাৰ নৱনিযুক্ত অতিৰিক্ত উপায়ুক্ত তথা ডবকা ৰাজহ চক্ৰ বিষয়া এ কে ইলিয়াচ এন আহমেদ৷

ধুমুহাত ক্ষতিগ্ৰস্ত মহিলা গৰাকীলৈ আগবঢ়ালে আৰ্থিক সাহায্য৷ ডবকা ৰাজহ চক্ৰৰ ভাৰপ্ৰাপ্ত চক্ৰ বিষয়া গৰাকীয়ে নিজৰ দৰমহাৰ পৰা দিলে ৫ হাজাৰ টকাৰ সাহায্য৷ লগতে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে চৰকাৰৰ দুৰ্যোগ প্ৰশমন প্ৰতিৰোধ বিভাগৰ পৰাও সাহায্য দিয়াৰ কথাও ঘোষণা কৰে৷

এই বিপদৰ সময়ত পৰিয়ালটোৰ কাষত থিয় দি ডবকা ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে প্ৰদৰ্শন কৰা সহানুভূতি আন দহজনৰ বাবেও প্ৰেৰণা হব৷

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।