04/20/2020 - 17:40
in

বিশ্বনাথ: মন্ত্ৰী ৰঞ্জিত দত্তৰ উৎসাহমূলক পদক্ষেপ। বিহালীৰ আশাকৰ্মী আৰু চুপাৰভাইজাৰক এহেজাৰ টকাকৈ উৎসাহমূলক সাহায্য প্ৰদান। আজি বাঘমৰা উন্নয়ন খণ্ডৰ অতিথিশালাত অনুষ্ঠিত হোৱা সভাত এই সাহায্য প্ৰদান কৰে মন্ত্রীগৰাকীয়ে।
মন্ত্ৰী দত্তই নিজ হাতে প্ৰায় ১৩৫ জন আশাকৰ্মী আৰু চুপাৰভাইজাৰক প্ৰদান কৰে সাহায্য।
উক্ত অনুষ্ঠানত বিশ্বনাথ জিলা চিকিত্সা বিষয়া ড° এলিজা ডেকা, খণ্ড উন্নয়ন বিষয়া বিশ্বজিত দে, বাঘমৰা মণ্ডল বিজেপিৰ সভাপতি দধিৰাম শৰ্মাৰ লগতে বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।