সাংবাদিকৰ প্ৰশ্ন: মন্ত্রী মহোদয়ৰ উত্তৰ

 04/21/2020 - 13:25

উৎপল কুমাৰ কলিতা: মানুহজনৰ পৰিয় অসমৰ কৃষিমন্ত্ৰী। নলবাৰীত এখন বিষয়া পৰ্যায়ৰ বৈঠকত ভাগ লোৱাৰ পাছত সাংবাদিকে মন্ত্ৰীক সুধিলে লকডাউনৰ বাবে কৃষকৰ ফচল পথাৰত পচিচে কি ব্যৱস্থা ল'ব? মন্ত্ৰীৰ উত্তৰ "মই খাই থলেহে হব"। চাব্বাছ মন্ত্ৰী মহোদয় আপোনাৰ জবাব নাই। ইয়াতকৈ ভাল উত্তৰ আপোনাৰ দৰে মন্ত্ৰীৰ মুখৰ পৰা ওলোৱা সম্ভৱো নহয়।

হয় এয়া অসম মুলুকৰ কৃষিমন্ত্ৰী অতুল বৰা। স্বাস্হ্য আৰু যোগান বিভাগৰ লগতে লকডাউনৰ সময়ত সমান তৎপৰ হ'ব লগা বিভাগটো আছিল কৃষি বিভাগ। পিছে প্ৰথম অৱস্হাত টোপনি মাৰি সংবাদ মাধ্যমৰ বাতৰিৰ হেচাত এতিয়া কৰবাত কৰবাত পথাৰ ভ্ৰম কৰিছে যদিও কৃষকক আশাৰ পথ দিব পৰা একো কব পৰা নাই। ইফালে ৰাজ্য খনৰ সকলোতে কৃষকৰ হাহাকাৰ। বজাৰ নাই উৎপাদিত ফচল পথাৰত পচিচে, নদীত পেলাইচে, গৰুক খাব দিছে। হাজাৰ হাজাৰ কৃষকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। কৃষকৰ যি ক্ষতি হ'ল তাক পূৰ কৰা কঠিন হ'ব দীৰ্ঘকাল।

লকডাউনৰ সময়ত কৰিব পৰা কৃষি বিভাগৰ প্ৰথম কাম আছিল কৃষকৰ উৎপাদিত ফচল সংগ্ৰহ কৰি চাহিদা থকা অঞ্চলত সেইবোৰ বিপনন কৰা। যিটো ভাৰতৰ কেবাখনো ৰাজ্যৰ কৃষি বিভাগে কৰিছে। কিন্তু সেই ক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিলে অসমৰ কৃষিবিভাগে। এতিয়া কিছুমান মধ্যভোগীক পাচলি সংগ্ৰহৰ অনুমতি দি বিক্ৰীৰ দাম নিৰ্ধাৰণ কৰি দিছে কিন্তু কৃষকৰ পৰা কি সামগ্ৰী কিমান দামত উঠাব পাৰিব তাৰ কোনো নিৰ্দেশনা নাই। ফলত লাভ হ'ব মধ্যভোগীসকলৰ।

কৃষকে বাকী থকা ফচল পানীৰ দামত মধ্যভোগীক দিব লাগিব। কৃষিমন্ত্ৰী অতুল বৰাৰ চিন্তা কিন্তু নাই। ব্যৰ্থ মন্ত্ৰীজনে নলবাৰীত সাংবাদিকক তাচিল্য ভৰা মন্তব্য দিয়াৰ আগতে গৈছিল এছিয়াৰ সৰ্ববৃহৎ কলৰ বজাৰ দৰংগিৰিলৈ। তাতো একেই। কৃষকক আঁচনিৰ সলনি পৰামৰ্শ দি আহিল কৃষি বীমা কৰিবলৈ। বাহ কৃষি মন্ত্ৰী মহোদয় বাহ। ইয়াতকৈ কিযে কৰিব আপুনি। ইমান গুৰুত্বপূৰ্ণ বিভাগ এটা চলাবলৈ দায়িত্ব আৰু গুৰুত্ব লাগিব। কিন্তু আপুনিটো গা এৰা দিয়ে চলিল ইমানদিনে। কিন্তু মনত ৰাখিব কৃষকৰ হুমুনিয়াহে আপোনাৰ দৰে ৰাজনীতিকৰ বাবে হ'ব অভিশাপ। 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।