ওৰাঙত কৰ্তব্যৰত আৰক্ষীক গামোছা প্ৰদান

 04/21/2020 - 15:44

ওৰাং: ওৰাঙত সচেতন লোকে কৰ্তব্যৰত আৰক্ষী লোকক প্ৰদান কৰিলে গামোছা, ফল-মূল আৰু পানীৰ বটল। বিহু, পূজাৰ পৰা সদায়েই পৰিয়ালৰ লোকৰ লগতে আপোন জনৰ পৰা বহু আতৰত থাকে আৰক্ষীৰ লোকসকল। তাতে এইবাৰ কালৰূপী ক'ৰণা মহামাৰী। জনসাধাৰণক সচেতনতা আৰু সুৰক্ষাৰ বাবে সদায় নিজৰ জীৱনকো তুচ্চ কৰি নিজৰ কতব্য নিয়াৰিকৈ পালন কৰে আৰক্ষীৰ লোকসকলে।

লাকডাইনৰ মাজতে আজি কিছু শিঠিলতা পাই ঘৰতে আবদ্ধ হৈ থকা ওৰাঙৰ সচেতন লোকসকলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ওৰাং চহৰত কৰ্তব্যত ব্যস্ত থকা ওৰাং আৰক্ষী লোকসকলক তেখেতসকলৰ শ্ৰম আৰু কৰ্মক শ্ৰদ্ধা জনাই পলমকৈ হ'লেও বিহুৰ শুভেচ্ছা জনাই গোমাছা প্ৰদান কৰে লগতে কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক দুপৰীয়া সময়ত খাবৰ বাবে ফল-মূল, পানীৰ বটল আদিও প্ৰদান কৰে।

ইফালে আৰক্ষীৰ লোকসকলে লকডাউন নমনা লোকসকলৰ ওপৰতো কঠোৰ হোৱা পৰিলক্ষিত হৈছে। আবদ্ধ কৰিছে লকডাউন অমান্য কৰা লোকসকলৰ যান বাহন। ওৰাঙৰ এই সচেতন লোকসকলক সহযোগিতা আগবঢ়াই ওৰাং অঞ্চলৰ ব্যৱসায়ী সকলেও। 

 

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।