শালবাৰীত পথাৰতেই পকি সৰি গৈছে বিঘাই বিঘাই পাচলি

 04/22/2020 - 12:57

খাৰিজা বিজনী: লকডাউনে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ৰাজ্যৰ খেতিয়কসকলৰ ওপৰত৷ মাধমাৰ সোধাইছে খেতিয়কসকলক৷ কপালৰ ঘাম মাটিত পেলাই কৰা পাচলি বিক্ৰী কৰিব নোৱাৰি এতিয়া দুখৰ গৰাহত ভিন্ন প্ৰান্তৰ খেতিয়ক৷ এই দৃশ্য বাক্সা জিলাৰ শালবাৰীৰ৷

পথাৰতে নষ্ট হৈ গৈছে বেঙেনা, বিলাহী, তিতা কেৰেলাৰ খেতিৰ লগতে জিকা, ভোল, ভেণ্ডি, লেচেৰাৰ বিঘাই বিঘাই খেতি৷ শালবাৰীৰ বৰটাৰী নিবাসী হিমাংশু তালুকদাৰে নিজৰ ২০ বিঘা মাটিত অশেষ কষ্ট কৰি পাচলিৰ খেতি কৰিছিল যদিও একমাত্ৰ লকডাউনৰ বাবেই উৎপাদিত পাচলি বিক্ৰী কৰিব নোৱাৰি পথাৰতেই পকি সৰি যাব দিবলৈ বাধ্য হৈছে৷

প্ৰায় এক লাখ চল্লিশ হাজাৰ টকা ব্যয় সাপেক্ষে পাচলিৰ খেতি কৰি এতিয়া যেন মূৰত সৰগহে ভাঙি পৰিছে হিমাংশু তালুকদাৰৰ৷ হিমাংশুৰ দৰে ৰাজ্যৰ বহু খেতিয়কৰ এই দুৰ্দশাক চৰকাৰে কেনেদৰে সহায়ৰ হাত আগবঢ়াব সেইয়াহে লক্ষণীয় হ’ব৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।