ঢকুৱাখনাত পোকৰ উপদ্ৰৱত নষ্ট কুইন্টলে কুইন্টলে বিভিন্ন পাচলি

 04/22/2020 - 13:28

ঢকুৱাখনা: বিশ্বৰ অন্যান্য প্ৰান্তৰ লগতে ভাৰতবৰ্ষতো ক'ৰণা মহামাৰীৰ বাবে লকডাউন ঘোষণা কৰাৰ ফলত ব্যৱসায়-বাণিজ্য, যাতায়ত ব্যাহত হৈ পৰাৰ পৰিপেক্ষিতত ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তৰ শতাধিক ক্ষুদ্ৰ পাচলি খেতিয়ক বহু লোকচানৰ সন্মুখীন হৈছে।

প্ৰথম লকডাউনৰ সময়ত উৎপাদনৰ ভৰপক সময়ত পাচলিবোৰ বজাৰলৈ উলিয়াই নিব নোৱাৰাত খেতিৰ তলিতে তিয়হ, বিলাহী, জিকা, কেৰেলা, ডাংবডি ইত্যাদি কুইন্টলে কুইন্টলে নষ্ট হৈ গ'ল।

ইফালে সময়মতে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰি হাবি-বন নিৰাই দিব নোৱাৰাৰ ফলতো উল্লেখিত পাচলিৰ গছ আৰু ফচলবোৰ বিভিন্ন পোক-পতংগই খাই বহু পৰিমাণে নষ্ট কৰাত এতিয়া পাচলি খেতিকে জীৱিকা কৰি চলি থকা বহু লোকৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে।

গতিকে কৃষি বিভাগে এনেধৰনৰ ক্ষতিগ্ৰস্ত পাচলি খেতিয়ক সকলক কিদৰে সকাহ দিব অহা দিনবোৰত সেইয়া লক্ষ্যণীয় হৈ পৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।