লাওখোৱা অভয়াৰণ্যত ৰহস্যজনক ভাবে জ্বলিল বন শিবিৰ

 04/22/2020 - 15:35

জুৰীয়ালাওখোৱা অভয়াৰণ্যত ৰহস্যজনক ভাবে জ্বলিল বন শিবিৰ৷ সুতিৰপাৰ খণ্ড বন বিষয়াৰ কাৰ্যালয়ৰ সমীপৰ কাটাখাল বন শিবিৰত সংঘটিত হৈছে এই ঘটনা৷ বন ৰক্ষীৰে গিজগিজাই থকা অভয়াৰণ্য খনৰ বন শিবিৰটো জ্বলি ভষ্মীভূত হোৱাত ৰহস্যৰ সৃষ্টি হৈছে ৰাইজৰ মাজত৷ কাটাখালত নতুনকৈ মুকলি কৰা পৰ্যটনস্থলীত আছিল বন শিবিৰটো৷ দুৰ্বৃত্তই জ্বলাই  দিয়াৰ সন্দেহ একাংশ ৰাইজৰ ৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।