বৰপেটাত চাইল্ড লাইনে উদ্ধাৰ কৰে কিশোৰীক

 04/22/2020 - 19:14

পূব বৰপেটা: লকডাউনৰ মাজতে বৰপেটা জিলাৰ চেঙা মুছলমান গাঁৱত এগৰাকী ১৩ বছৰীয়া নাবালিকা ছোৱালীক তাৰাবাৰী আৰক্ষীৰ সহযোগত বৰপেটা জিলা চাইল্ড লাইনে উদ্ধাৰ কৰে।

চেঙা মুছলমান গাঁৱৰ নাবালিকা ছোৱালীজনী প্ৰেমৰ সূত্ৰে একে গাঁৱৰে এজন ১৭ বছৰীয়া ল'ৰালৈ তিনিদিন পূৰ্বে পলাই গৈ এক অস্বস্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় সচেতন মহলৰ তৎপৰতাত বাল্য বিবাহৰ কবলৰ পৰা ৰক্ষা পৰে উক্ত কিশোৰ-কিশোৰী।

বৰপেটা চাইল্ড লাইনৰ কেন্দ্ৰ সমন্বয়ক ৰফিকুল ইছলামৰ নেতৃত্বত আজি ল'ৰাজনৰ ঘৰৰ পৰা নাবালিকা ছোৱালীজনীক উদ্ধাৰ কৰি ছোৱালীজনীৰ ঘৰলৈ লৈ যায়। তাৰ পিছত নাবালিকা ছোৱালীজনীক চাইল্ড লাইনে বৰপেটালৈ লৈ গৈ জিলা শিশু সুৰক্ষা সমিতিত হাজিৰ কৰাব বুলি জানিবলৈ দিয়ে চাইল্ড লাইনৰ কেন্দ্ৰ সমন্বয়ক ৰফিকুল ইছলামে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।