তামুলপুৰত ক'ৰণা ভাইৰাছ সম্পৰ্কে সজাগতাৰ চেষ্টা

 04/22/2020 - 19:29

তামুলপুৰসমগ্ৰ বিশ্বত ক'ৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়ত আজি তামুলপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ২নং উলুবাৰী গাঁৱৰ ত্ৰিবেণী গ্ৰাম্য সংগঠনৰ উদ্যোগত ২৬ টা আত্মসহায়ক গোটৰ সহযোগত গাঁওখনত হাত ধোৱা আৰু মাস্ক পৰিধান সম্পৰ্কত মহিলাসকলৰ মাজত এক সজাগতা আনিবলৈ প্ৰয়াস কৰা দেখা যায় সামাজিক দূৰত্ব বজাই ৰাখি সংগঠনটোৰ সভানেত্ৰী মাইকন তালুকদাৰ, সম্পাদিকা সোণেশ্বৰী ৰাভা, এম চি পি কৰৱী মেধি, লেখিকা জিতামণি তালুকদাৰ, সদস্য ৰীতা মেধিৰ সহযোগত ক'ৰণা ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে সজাগতামূলক অভিযান তথা দুখীয়া পৰিয়ালক সাহায্য বিতৰণ কৰা হয়।

আজিৰ এই অভিযানৰ নেতৃত্ব দিয়ে ৫ নং তামুলপুৰ ভিচিডিচিৰ জীৱিকা সখি সুশিলা দাসে। আত্মসহায়ক গোটৰ সদস্য সকলে নিজ গৃহতে মাস্ক তৈয়াৰ কৰি  ২ নং উলুবাৰী গাঁওৰ মহিলা সকলৰ মাজত বিতৰণ কৰাৰ উপৰিও ইয়াৰ আশে পাশে থকা গাঁও অঞ্চলতো গৈ হাত ধুৱাৰ নিয়ম, মাস্ক পিন্ধাৰ কাৰণ আদিৰ বিষয়ে সজাগতা আনিবলৈ চেষ্টা চলায়।

ইয়াৰ উপৰি আজি গাঁওখনত ২০০ দুখীয়া পৰিয়ালৰ মাজত চাউল,  দাইল, নিমখ, আলু, মিঠাতেল, বিস্কুট, আটা, চাবোনৰ লগতে অন্যান্য কিছু অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে। ত্ৰিবেণী গ্ৰাম্য সংগঠনৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে অঞ্চলটোৰ স্থানীয় ৰাইজে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.