জাগুনৰ উদয়পুৰত বন্য হস্তীৰ তাণ্ডৱ

 04/23/2020 - 14:47

জাগুন: জাগুনৰ উদয়পুৰত বন্য হস্তীৰ তাণ্ডৱ। জাগুন বন বিভাগৰ অন্তৰ্গত কথা সংৰক্ষিত বনাঞ্চলৰ পৰা এটা বনৰীয়া হাতী ওলাই আহি ৩ নং উদয়পুৰ গাঁৱত চলাইছে তাণ্ডৱ।
উল্লেখ্য যে ১৫ এপ্ৰিলৰ দিনা এইটো হাতীয়েই প্ৰাণ লৈছিল এজনৰ। বুধবাৰে দিনৰ ভাগতেই এনেদৰে হাতীটো গাঁৱলৈ ওলাই আহি চলাইছে তাণ্ডৱ। বহুজনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে হাতীটোৱে। বহুকেইটা বাসগৃহ আৰু দোকান ভাঙি লণ্ড ভণ্ড কৰে হাতীটোৱে। 

বনাঞ্চলখনত দিনে নিশাই লেখাপানী আৰু জাগুন বন বিভাগক মেনেজ কৰি কাঠ মাফিয়াই চলাই গৈছে বন ধ্বংস যজ্ঞ। যাৰ ফলত হাতী এনেদৰে বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি চলাইছে তাণ্ডৱ। জাগুন আৰু লেখাপানী বন বিভাগৰ নিৰ্লিপ্ত ভূমিকা কিয় এইক্ষেত্ৰত এতিয়া ৰাইজৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।