অসম-বংগ সীমান্তত এখন ট্ৰাকসহ ৩৯ জন শ্ৰমিক আটক

 04/23/2020 - 15:07

গৌৰীপুৰ: লকডাউনৰ মাজতেই অসম-বংগ সীমান্ত ছাগলীয়াত বুধবাৰ পুৱা এখন ট্ৰাকসহ অসমত কৰ্মৰত বহিঃ ৰাজ্যৰ ৩৯ জন শ্ৰমিকক আটক কৰা হয়। শ্ৰমিকসকল ডব্লিউ বি -১৫ এ ১৯৪৫ নম্বৰৰ এখন ট্ৰাকত অসমৰ হোজাই-অমিনগাঁৰ পৰা পশ্চিম বংগলৈ গৈ আছিল কিন্তু অসম-বংগ সীমান্ততেই চেকিং কৰি থকা সময়তেই ট্ৰাকৰ ভিতৰৰ পৰা লোক সকলক আটক কৰে অসম আৰক্ষীয়ে।

উল্লেখ্য যে লোকসকল পশ্চিমবংগৰ উত্তৰ দিনাজপুৰ আৰু দক্ষিণ দিনাজপুৰৰ বাসিন্দা আৰু তেওঁলোকে কৰ্মসূত্ৰে অসমত আছিল। লকডাউনৰ সময়তেই খাদ্য সংকটৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অসুবিধাৰ সম্মুখীন হোৱা বাবে তেওঁলোকে এখন মালবাহী খালি ট্ৰাক ভাড়া লৈ ৰাওনা হৈছিল ঘৰলৈ কিন্তু যোৱাৰ পথতেই সীমান্তৰ ছাগলীয়াত আটক হয় অসম আৰক্ষীৰ হাতত।

পিছত অসম-বংগ সীমান্তৰ এটা মেডিকেল টিমে আটাইকেইজন লোকক স্ক্ৰেনিং কৰি ড্ৰাইভাৰসহ হালাকুৰা কোৱাৰাইণ্টাইন চেণ্টাৰত ১৪ দিনৰ বাবে ৰখা হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।